আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰী শ্ৰমিক আইনৰ অধীনত স্বয়ংক্ৰিয় নৱীকৰণ

শেহতীয়া উন্নীতকৰণ: June 21, 2024

অৱলোকন

আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ নিযুক্তি নিয়ন্ত্ৰণ কৰা আৰু তেওঁলোকৰ সেৱাৰ চৰ্তাৱলী আৰু ইয়াৰ সৈতে সম্পৰ্কিত বিষয়বোৰৰ বাবে এক আইন।

ইয়াত প্ৰযোজ্য হয়:-
আগৰ বাৰ মাহৰ যিকোনো দিনত পাঁচ বা ততোধিক আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰী কৰ্মী (আন শ্ৰমিকৰ উপৰিও) নিযুক্তি দিয়া বা নিযুক্ত কৰা প্ৰতিজন ঠিকাদাৰলৈ।

অনুজ্ঞাপত্ৰৰ নৱীকৰণ:- অনুজ্ঞাপত্ৰ নৱীকৰণৰ বাবে প্ৰতিটো আবেদন অসম নিয়মসমূহ- 14 (1)-ৰ অধীনত ই ও ডি বি পৰ্টেলত কৰিব লাগিব।

যোগ্যতাৰ মাপকাঠি:

প্ৰপত্ৰ VIII-ত জাৰী কৰা ঠিকাদাৰৰ বৈধ অনুজ্ঞাপত্ৰ থকা যিকোনো উদ্যোগী/আবেদনকাৰীয়ে আইনখনৰ অধীনত নৱীকৰণৰ বাবে আবেদন কৰিব পাৰে।

প্ৰপত্ৰ পূৰণৰ কাৰণে নিয়মাৱলী

পৰিশোধ মোডৰ সৈতে মাচুল

নিয়ম 12 (2) মাচুলসমূহ - অনুচ্ছেদ 7-ৰ অধীনত অনুজ্ঞাপত্ৰৰ নৱীকৰণৰ বাবে পৰিশোধ কৰিব লগা মাচুল তলত উল্লেখ কৰা হৈছে:-

যদি যিকোনো দিনত ঠিকাদাৰে নিযুক্তি দিয়াৰ বাবে প্ৰস্তাৱ কৰা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ সংখ্যা -

মাচুলৰ তালিকা
(a) 5 জনৰ অধিক কিন্তু 10 জন অতিক্ৰম নকৰে 20.00
(b) 10 জনৰ অধিক কিন্তু 20 জন অতিক্ৰম নকৰে 30.00
(c) 20 জনৰ অধিক কিন্তু 50 জন অতিক্ৰম নকৰে 50.00
(c) 50 জনৰ অধিক কিন্তু 100 জন অতিক্ৰম নকৰে 80.00
(e) 100 জনৰ অধিক কিন্তু 200 জন অতিক্ৰম নকৰে 150.00
(f) 200 জনৰ অধিক কিন্তু 400 জন অতিক্ৰম নকৰে 300.00
(g) 400 জন অতিক্ৰম কৰা নাই 400.00

পৰিশোধৰ মোড: ই অ ডি বি পৰ্টেলৰ জৰিয়তে অনলাইন পৰিশোধ

পলম মাচুল : যদি উপ-নিয়মত (2) নিৰ্ধাৰিত সময়ৰ ভিতৰত নৱীকৰণৰ বাবে আৱেদন প্ৰাপ্ত নহয়, তেন্তে এনে নৱীকৰণৰ বাবে সাধাৰণতে পৰিশোধ কৰিবলগা মাচুলৰ 25% অধিক মাচুল পৰিশোধ কৰিব লাগিব।

সেৱাৰ ফলাফল

আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰী শ্ৰমিক(আৰ ই আৰু চি এছ) আইন, 1981-ৰ নিয়ম 14-ৰ অধীনত ঠিকাদাৰৰ অনুজ্ঞাপত্ৰৰ স্বয়ংক্ৰিয় নৱীকৰণৰ।

Universal Accessibility Menu